![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কাৰ্বিআংলং : পশ্চিম কাৰ্বিআংলং জিলাৰ উলিকুঞ্চি, মালংকুঞ্চি আদি অঞ্চলত বিগত এমাহ ধৰি ত্ৰাসৰ সৃষ্টি কৰি থকা এটা ডকাইতৰ দলৰ দুটা ডকাইতক বৈঠালাংছ’ আৰক্ষীয়ে যোৱানিশা আটক কৰিবলৈ সক্ষম হয়। আন তিনিটা ডকাইত এতিয়াও পলাতক অৱস্থাত আছ। ধৃত ডকাইত কেইটা হ’ল সঞ্জীৱ টেৰাং আৰু নৃপেন আমচি । ডকাইত দুজনৰ পৰা হস্তনিৰ্মিত ৩টা বন্দুক উদ্ধাৰ কৰে আৰক্ষীয়ে।
জানিব পৰা মতে ডকাইতৰ দলটোয়ে যোৱা ২৫ আগষ্টত বৈঠালাংছ’ থানাৰ অন্তৰ্গত মালংকুঞ্চিৰ ল’মে মালাং নামৰ লোকজনৰ ঘৰত সংঘটিত কৰিছিল ডকাইতি। নগদ ৬০,০০০ টকা লুটি নিয়াৰ উপৰিও দাবী কৰিছিল ১০ লাখকৈ টকা। ল’মে মালাঙে উলুকুঞ্চি উপ-আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত উলুকুঞ্চি উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পেগুৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই ৩টা হস্তনিৰ্মিত বন্দুকৰ সৈতে দুটা ডকাইতক আটক কৰিবলৈ সক্ষম হয়।
ইতিমধ্য বৈঠালাংছ’ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৫ ধাৰাৰ অধিনত ৭৪ নম্বৰত এক গোচৰ ৰুজু কৰি ধৃত ডকাইত দুটাক জেইললৈ প্ৰেৰণ কৰিছে।












