![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা বাবে দীৰ্ঘদিন ধৰি বন্ধ থকা ৰাজ্যৰ শিক্ষানুষ্ঠান মুকলিৰ বাবে সাজু শিক্ষা বিভাগ। প্ৰথম শ্রেণীৰ পৰা সকলো শ্রেণীৰ পাঠদান অহা ১৯ অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ বাবে শিক্ষা বিভাগে মঙলবাৰে জাৰি কৰে আনুষ্ঠানিক জাননী।
শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি সপ্তাহত তিনিদিন কৈ পাঠদান অনুষ্ঠিত হ’ব। সোমবাৰ, বুধবাৰ, শুকুৰবাৰে অনুষ্ঠিত হ’ব প্ৰথম, দ্বিতীয়, তৃতীয় শ্রেণীৰ পাঠদান।
মঙলবাৰ, বৃহস্পতি আৰু শনিবাৰে অনুষ্ঠিত হ’ব চতুৰ্থ আৰু পঞ্চম শ্রেণী পাঠদান।
ষষ্ঠ শ্রেণীৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে পাঠদান অনুষ্ঠিত হ’ব।
সপ্তম শ্রেণীৰ মঙলবাৰ, বৃহস্পতি আৰু শনিবাৰে পাঠদান অনুষ্ঠিত হ’ব।
অষ্টম শ্রেণীৰ বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে পাঠদান হ’ব।
উল্লেখ্য যে নৱম-একাদশ শ্রেণী পাঠদান ১ অক্টোবৰ পৰা আৰম্ভ।
ইফালে, দশম-দ্বাদশ শ্রেণী পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। ৬ অক্টোবৰ পৰা প্ৰতিদিনে হ’ব।
নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মুৰব্বীয়ে ক’ভিড নিৰ্দেশনা অনুসৰি পাঠদানৰ সময় চূড়ান্ত কৰিব। এটা কোঠাত সৰ্বাধিক ৩০জন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ’ব পাঠদান।
বিদ্যালয়ৰ হোষ্টেল মুকলি কৰিব নোৱাৰিব। ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয়।
ছাত্ৰ-ছাত্ৰীৰ সুবিধাত অনলাইন ক্লাছ কৰি থকা নিৰ্দেশ।
আনুষ্ঠানিক-অনানুষ্ঠানিক সভা, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাত থাকিব বাধা।













