![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : যোৱা ৪ ছেপ্টেম্বৰত নতুন দিল্লীত চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি অহা কাৰবি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠন ক্ৰমে, KLNLF, UPLA, PDCK আৰু KPLT-ৰ তিনিটা গোটে সুকীয়া সুকীয়াকৈ নিজ সংগঠনক ভংগ ঘোষণা কৰাৰ পিছত আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত গঠন কৰে কাৰবি এক্স ৰেবুল্যেশ্বনাৰী ইউনাইটেড ফ’ৰাম চমুকৈ ‘কেৰাফ’ নামৰ এক ঐক্যবদ্ধ মঞ্চ ৷ মঙলবাৰে ডিফু লৰুলাংচ’স্থিত ৰাংছিনা ছাৰপ’ সাংস্কৃতিক ভৱনত আয়োজিত এক সংবাদমেলত সংগঠন কেইটাৰ কেওগৰাকী শীৰ্ষ নেতাৰ উপস্থিতিত উক্ত অৰাজনৈতিক সংগঠনটো গঠন কৰা হয় ৷ মূল সমিতিখনত
ইতিমধ্যে ভংগ হোৱা সহস্ৰ সংগঠনসমূহৰ ৫ জনকৈ সদস্যক অন্তৰ্ভুক্ত কৰা হৈছে ৷ KLNLFৰ সভাপতি প্ৰদীপ তেৰাঙ ওৰফে পি. দিলিক মঞ্চৰ সভাপতি, সংবিজিত ইংতি কাথাৰ আৰু ৱেলেছলী তেৰাঙক উপ-সভাপতি, সাধাৰণ সম্পাদক উইন বে’, সহকাৰী সাধাৰণ সম্পাদক গুড উইনচন ক্ৰ’, নিকুঞ্জ কাথাৰ, লংবি তিমুঙ, মণ্টু তেৰাঙ মুখপাত্ৰ ৰিজাক ডেৰা, কংকাট টেৰণ, থং টেৰণ, ৰূপছিং ইংতি, বিত্য সম্পাদক ৰণ ৰংপি, সহকাৰী বিত্ত সম্পাদক চংজা তিমুঙ হিচাপে লৈ মুঠ ৩১ জনীয়া সমিতি গঠন কৰা হয় ৷ উক্ত সংগঠনটো অৰাজনৈতিক সংগঠন হোৱাৰ লগতে পৰৱৰ্তী কালত জিলাখনত বসবাস কৰি অহা সকলো জাতি-জনগোষ্ঠীৰ সামূহিক কল্যাণৰ বাবে কাম কৰি যোৱাৰ মহৎ উদ্যেশ্যলৈ আগবাঢ়ি যাব বুলি সদৰি কৰি সংগঠনটোৰ নেতৃবৰ্গই ৷
ইয়াৰোপৰি শান্তি চুক্তি দফাসমূহ সফল ৰূপায়ণক পৰ্যৱেক্ষণৰ লগতে জিলাখনক উন্নয়ণৰ দিশত অগ্ৰসৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি কয় ৷ শান্তি স্বাক্ষৰিত হোৱাৰ পিছত একাংশ দল-সংগঠনে চুক্তিখনকলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা কাৰ্যক ‘কেৰাফ’ৰহৈ নেতা ৰিজাক ডেৰায়ে তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে, একাংশ লোকে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে এনে তৎপৰতা অব্যাহত ৰখা বুলি অভিযোগ কৰে সংগঠনটোৰ নেতৃবৰ্গই ৷ দশকজোৰা সহস্ৰ সংগ্ৰামৰ পিছত জিলাখনত শান্তি স্থাপন হৈছে যদিও এইসকল লোকে শান্তি নিবিচাৰে নেকি বুলি প্ৰশ্ন কৰে ৷ এপিএইছএলচি সভাপতি জন ইংতি কাথাকক দিনে-নিশাই বংগ সেনাৰ ভূতে খেদি ফুৰাৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা নেতাগৰাকীয়ে সেয়েহে জিলাখনৰ নৱ প্ৰজন্মৰ যুৱক-যুৱতীক বিপথে পৰিচালিত কৰি আহিছে বুলি মঞ্চটোৰ নেতৃবৰ্গই অভিযোগ কৰে ৷ দল-সংগঠনসমূহেক এনে তৎপৰতা বন্ধ কৰিবলৈ সকিয়নি প্ৰদান কৰে শান্তি চুক্তি স্বাক্ষৰকাৰী আৰু নৱ গঠিত ঐক্যবদ্ধ মঞ্চৰ নেতৃবৰ্গই অন্যথা ইয়াৰ বাবে জিলাখনত উদ্ভৱ হ’ব পৰা সকলো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে এনে দল-সংগঠন দায়বদ্ধ হ’বলাগিব ৷












