![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কাল-ক’ৰোনা দুদিনৰ সময়ত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে ভাল খবৰ। ক’ৰোনাই স্থবিৰ কৰাৰ সাংস্কৃতিক ক্ষেত্ৰত নিজৰ সৃষ্টিৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হৈছে শিল্পী, পৰিচালক গজেন পাংগিং। ক’ৰোনাই স্থবিৰ কৰি তোলা দুটা বছৰত ৭খনকৈ চুটি ছবি নিৰ্মাণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন মহোৎসৱত বঁটা পাবলৈ সক্ষম হৈছে অনাতাঁৰ শিল্পীগৰাকীয়ে।
বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি কয়- ‘অসমত ছবি নিৰ্মাণৰ বহুতো সম্বল আছে। তাক আমি বিচাৰি উলিয়াব জানিলেই হ’ল’।’
উল্লেখ্য যে মিচিং জনগোষ্ঠীৰ পৰিচালক পাংগিংয়ে ২০২০-২১ বৰ্ষত নিৰ্মাণ কৰা ৭খন চুটি ছবি ভিতৰত ৬খন মিচিং ছবিৰ বিপৰীতে এখন অসমীয়াৰ। অসমীয়া ভাষাৰ চুটি ছবিখনৰ নাম হৈছে ‘নিয়তি’।
উল্লেখ্য যে সংবাদমেলত পাংগিংক শুভেচ্ছা জনাই উপস্থিত থাকে শিল্পী মহেন্দ্ৰ হাজৰিকা, অভিনেতা নয়ন নিৰ্বাণ। অনুষ্ঠানটো আঁতধৰে অৰিন্দম প্ৰিন্স পাংগিংয়ে।













