![]()
মনোজ কুমাৰ পাঠক
অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য । মৃতদেহ লংকাৰ SBI বেংকৰ সন্মুখত উদ্ধাৰ। মৃত লোকজন পাচলী বিক্ৰী কৰা দোকানত শুই থকা অৱস্থা উদ্ধাৰ । মৃত লোকজনৰ অনুমানিক বয়স ৭০ বছৰ।
লোকজনে দিৰ্ঘদিন ধৰি SBI বেংকৰ সন্মুখত অস্থায়ীভাবে শাক-পচলি বিক্ৰী কৰি অহিছিল।
উল্লেখ যে, মৃত লোকজনে দিনটো পাচলী বিক্ৰী কৰি নিশা দোকানৰ ভিতৰতে শুই থাকে। আগৰ দিনৰ তুলনাত আজি বহু দেৰিলৈকে লোকজনে দোকান নোখোলাত ৰাইজৰ সন্দেহ ওপজাত আৰক্ষীক খবৰ দিয়ে।
লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনক দোকানৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰে। বৰ্তমান সময়লৈকে উদ্ধাৰ হোৱা নাই লোকজনৰ পৰিচয়। লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।












