![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কাৰ্বিআংলং : “পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ”। পানীৰ অবিহনে কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে । সেয়ে জনসাধাৰণক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ মানসেৰে চৰকাৰে ৰূপায়ণ কৰিছে “জল জীৱন মিচন” আঁচনি। এই আঁচনিৰ অধিনত কৰ্বিআংলং আৰু পশ্চিম কৰ্বিআংলং জিলা দুখন সামৰি ছেপ্টেম্বৰ মাহটোত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি উলিয়াই মুঠ ৭৫২টা আঁচনি। এই আঁচনিসমূহ কেন্দ্ৰিয়ভাৱে আজি বৈঠালাংছ’ৰ পুঞ্জাত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কাৰ্বিপৰিষদৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে। ৰংপিক সহযোগ কৰে স্থানীয় MAC প্ৰভাত চন্দ্ৰ তাৰ’য়ে । লগতে এই আঁচনিৰ অধিনতে “পুঞ্জা বৰপথাৰ জল জীৱন আঁচনি” নামেৰে এক আঁচনিৰ শুভ উদ্বোধন কৰে। ৯২ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আঁচনিখনে অঞ্চলটোৰ ১৯৩টা ঘৰৰ পৰিয়ালক সামৰি লৈছে।
উল্লেখযোগ্য যে, এই আঁচনিৰ জড়িয়তে বিশেষকৈ পাহাৰীয়া জান-জুৰিৰ পানী সেৱন কৰি থকা দুখীয়া লোকসকল যথেষ্ট উপকৃত হ’ব বুলি EM প্ৰদীপ ৰংপি আৰু MAC প্ৰভাত চন্দ্ৰ তাৰ’য়ে একেমূখে কয় । আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত হামৰেণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা তৰণী ৰংপি, বিচিত্ৰ পাটিৰি, শৰৎ গগৈ আদি বহু কেইজন বিভাগিয় উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।












