![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষী অধীয়ক অপৰ্ণা নতৰাজনৰ নেতৃত্বাধীন এটা আৰক্ষীৰ দলে শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে অনলাইন বেংকিং প্ৰবঞ্চকৰ মূলঘাটি যমতাৰাৰ পৰা গৌৰী দাস নামে এক প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে।
মৰিগাঁও জিলাৰ ভোৰাগাওঁৰ এজন শিক্ষকৰ পৰা কে য়াই চি আপডেটৰ নামত অ টি পি সংগ্ৰহ কৰি ৬৪ হাজাৰ টকা লুত কৰিছিল গৌৰী দাসে।
আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনে এই অভিযোগ লাভ কৰাৰ পিছতে মৰিগাঁও আৰক্ষীৰ চাইবাৰ টীমৰ সহযোগত যমতাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় প্ৰবঞ্চকটোক। আজি এক সংবাদ মেল অনুষ্ঠিত কৰে আৰক্ষী অধীক্ষক অপৰ্ণা নাতৰাজনে ।
অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱাই সংবাদমেল যোগে ৰাইজক বেংকৰ তথ্য কোনো কাৰণত ফোন যোগে কোনো ব্যক্তিক নজনাবলৈ ৰাইজক আহ্বান জনাইছে।













