![]()
ছাইদুল ইছলাম
ডিফু : আজি সন্ধিয়া কাৰ্বি আংলঙৰ চেন্টাৰ বজাৰত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হয় । ঘটনাৰ বিৱৰণ অনুসৰি আজি সন্ধিয়া প্ৰায় সাত বজাত ডিফু অভিমুখে আহি থকা ৰয়েল এনফিল্ড বাইকখনে বাইকখনত বিপৰীত দিশৰ পৰা আহি থকা RJ-146-H–2787 নম্বৰৰ ট্ৰাকখনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত বাইক আৰোহীজন থিতাতে নিহত হয়। নিহত বাইক আৰোহীজন ডিফু ৰংখেলানৰ ছামপ্ৰি ইংহি বুলি চিনাক্ত কৰা হৈছে।
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনৰ চালক পলায়ন কৰিবলৈ সক্ষম হয় ।













