![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ইন্ধনৰ মূল্যবৃদ্ধিক দোহাই দি ৰাজ্যত বৃদ্ধি হৈছে ৰাজহুৱা যাতায়ত সেৱা ভাড়াৰ। পৰিবহণ খণ্ড বিশেষকৈ বাছ-ভাড়া বৃদ্ধিয়ে ৰাজ্যৰ জনতাক দিছে মাধমাৰ। কিন্তু বাছৰ ভাড়া বৃদ্ধিৰ কথা গম নাপায় চৰকাৰ তথা ৰাজ্যিক পৰিবহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। শনিবাৰে পৰিবহণ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত এই কথা স্বীকাৰ কৰি কয় -‘বাছৰ ভাড়া বৃদ্ধি হৈছে বুলি গম নাপাওঁ। যদি হৈছে ব্যৱস্থা ল’ম। কোনো কাৰণত বাছৰ ভাড়া বৃদ্ধি কৰিব নোৱাৰে’।
উল্লেখ যে ক’ৰনা ভাইৰাছৰ বাবে দীৰ্ঘদিনে বন্ধ হৈ থকা বাছসেৱাৰ মুকলিৰ পাছতে বাছ মালিক সন্থাই বাছভাড়া বৃদ্ধিৰ দাবী জনাইছিল। বাছ ভাড়া বৃদ্ধি প্ৰসংগত পৰিবহণ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কৈছিল যে বৰ্তমান পৰিস্থিতিত বাছ ভাড়া বৃদ্ধি সম্ভৱ নহয়। বাছৰ মালিকসকলক ভাড়া বৃদ্ধি নকৰিবলৈও আহ্বান জনাইছিল। কিন্তু আশ্চৰ্য জনকভাৱে একাংশ বাছৰ ভাড়া পূৰ্বতকৈ বৃদ্ধি কৰি জনতাৰ মূৰত মাধমাৰ সোধাইছে মালিক সন্থাই।
গুৱাহাটীত চলাচল কৰা চিটিবাছৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰাৰো আশ্বাস দি পাটোৱাৰীয়ে কয়- নিৰ্দিষ্ট স্থানত নাৰাখি যতে-ততে ৰখোৱা চিটি বাছৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা।













