![]()
ছাইদুল ইছলাম
ডিফু : স্বাধীনতাৰ ৭৫ সংখ্যক উদযানপনৰ আজাদীক অমৃত মহোৎসৱ আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি শনিবাৰে পুৱাৰে পৰা ডিফু থানা আৰু গাওঁৰক্ষী বাহিনীৰ ডিফু থানা কমিটীৰ উদ্যোগত ডিফু নগৰত চাফাই অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ এই উপলক্ষে আজি পুৱাৰে পৰা গাওঁৰক্ষী বাহিনী আৰু ডিফু থানাৰ বিষয়ববীয়া, সদস্যসকলে হাতে হাতে ঝাডুলৈ ডিফু চহৰৰ ৰংমংৱে, থানা কলনি, ৰামঠাকুৰ কলনি আদিত চাফাই কৰে ৷
উক্ত চাফাই কাৰ্যসূচীত ডিফু থানাৰ উপপৰিদৰ্শক ভাষ্কৰজ্যোতি চেতিয়া, মঞ্জু গগৈ আৰু সহকৰ্মী লগতে ভিডিপিৰ ডিফু থানা কমিটীৰ উপ-উপদেষ্টা কুমচিং টেৰণ সভাপতি হেমাৰী তিমুঙ, উপসভাপতি আব্দুল মতিন তালুকদাৰ অংশগ্ৰহণ কৰে৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ভিডিপিৰ থানা কমিটীৰ সভাপতি হেমাৰী তিমুঙ আৰু উপপৰিদৰ্শক ভাষ্কৰজ্যোতি চেতিয়াই মহামানৱ মহাত্মা গান্ধীৰ “অহিংসাই পৰম ধৰ্ম আৰু স্বচ্ছতা হী সেৱা”ৰ প্ৰতি আকৰ্ষিত হয়েই এনে চাফাই কাৰ্যসূচী চলোৱা হৈছে বুলি উল্লেখ কৰে ৷












