![]()
বিশেষ প্ৰতিনিধিঃ
নগাঁও : নগাঁও ফটোগ্ৰাফাৰ এছ’চিয়েচনৰ বাৰ্ষিক সাধাৰণ সভাখন আজি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বন্তি প্ৰজ্বলন কৰি নগাঁও ফটোগ্ৰাফাৰ এছ’চিয়েচনৰ বাৰ্ষিক সাধাৰণ সভাখন উদ্বোধন কৰে। এছ’চিয়েচনৰ সভাপতি অসীম কুন্দুৰ সভাপতিত্ব অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই ফটোগ্ৰাফাৰসকলক একোজন শিল্পী বুলি উল্লেখ কৰি লগতে কয় যে শিল্পীসত্বা অবিহনে এজন লোক কেতিয়াও ফটোগ্ৰাফাৰ হ’ব নোৱাৰে। সেয়ে ফটোগ্ৰাফাৰসকলে শিল্পীৰ মৰ্যাদা লাভ কৰা উচিত।
আনহাতে এখন ফটো যিমানেই পুৰণি হয় তাৰ গুৰুত্ব সিমানেই বৃদ্ধি পাই বুলি উল্লেখ কৰি বিধায়ক শৰ্মাই ফটো এখন সুন্দৰ ৰূপত ধৰি ৰাখিব পৰাটো এক কলা বুলি মন্তব্য কৰে। প্ৰসংগ ক্ৰমে তেওঁ বাতৰি কাকতত প্ৰকাশ পোৱা এখন আলোকচিত্ৰই অসমৰ ৰাজনৈতিক প্রেক্ষাপট সলনি কৰাৰ উদাহৰণ দাঙি ধৰে ।
আনহাতে সময়ৰ লগে লগে ফটোগ্ৰাফি ক্ষেত্রখনত হোৱা আমুল পৰিৱৰ্তনৰ বিষয়ে বিধায়কগৰাকীয়ে উল্লেখ কৰে। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক অৰূপ মান্নাই নিজৰ শিল্পী সত্বাক জীয়াই ৰাখি ফটোগ্ৰাফি বৃত্তিত আত্মনিয়োগ কৰিবলৈ যুৱ প্ৰজন্মৰ ফটোগ্ৰাফাৰসকলক আহ্বান জনায় ।

আনহাতে ফটোগ্ৰাফাৰ আৰু কেমেৰামেন দেখাত একে যেন লাগিলেও দুয়োটা পৃথক পেশা বুলি উল্লেখ কৰি চিত্ৰ নিৰ্মাতা মান্নাই কয় যে এজন কেমেৰামেন পেশাৰ দিশত স্বাধীন নহয় । আনৰ দ্বাৰা তেওঁ প্ৰভাৱিত হয়। কিন্তু এজন ফটোগ্ৰাফাৰে স্বাধীনভাৱে নিজৰ কাম কৰি যায়। ফটোগ্ৰাফাৰ হিচাপে প্ৰথমে শিল্পটো আয়ত্ব কৰাৰ পাচতহে এজন ভাল কেমেৰামেন হ’ব পাৰে। বিশিষ্ট চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে পেশাগত ফটোগ্ৰাফাৰ সকলক স্বনিৰ্ভশীল হৈ মৰ্যাদাৰে ফটোগ্ৰাফি পেশাত আত্মনিয়োগ হ’বলৈ আহ্বান জনায় । সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰে এখন ফটোৱে সমাজলৈ পৰিৱর্তন আনিব পাৰে বুলি উল্লেখ কৰি ফটোগ্ৰাফাৰসকলক নিজৰ দায়িত্ব সুচাৰুৰূপে সম্পাদন কৰিবলৈ আহ্বান জনায়। শিল্পী পাপু কলিতাই আঁত ধৰা সভাখনত জ্যেষ্ঠ ফটোগ্ৰাফাৰ শ্যাম শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। সভাত সাংবাদিক জিতেন বৰকটকী, ফটোগ্ৰাফাৰ শ্যাম শইকীয়া আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ শিক্ষক বাবুল বৰাই ভাষণ দিয়ে । সভাৰ আৰম্ভণিতে কানুৰ পৰিকল্পনা আৰু পাপু কলিতাই ৰচনা কৰা ‘এটা কেমেৰা লৈ মই ফুৰো’ শীৰ্ষক গীতটি উন্মোচন কৰে অৰূপ মান্নাই। গীতটিত কন্ঠ শিল্পীদ্বয় মনমীত-মনদ্বীপে কন্ঠদান কৰিছে।
আনহাতে অসমৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰালৈ বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে নগাঁও ফটোগ্ৰাফি এছ’চিয়েচনে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰা সকলো লোককে এছ’চিয়েচনৰ সাধাৰণ সম্পাদক কানু লস্কৰে কৃতজ্ঞতা জ্ঞাপন কৰে।













