![]()
বিশেষ প্ৰতিবেদনঃ
জুবিন গাৰ্গ আৰু ঋতৃষা শৰ্মা, সংগীত ক্ষেত্ৰখনত আলোড়ণৰ সৃষ্টি কৰা দুটা নাম। ৯০ দশকৰ পৰা বৰ্তমানলকৈ অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ, ডেকাৰ পৰা বুঢ়ালৈ প্ৰতিগৰাকী সংগীত প্ৰেমী শ্ৰোতাৰ হৃদয়ত নিজৰ এক সুকীয়া স্থান বনাই লোৱা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বিষয়ে যিমানেই ক’ম, সিমানেই হয়টো কম পৰিব। তেওঁ অসমীয়া সংগীত ক্ষেত্ৰখনত যিমান অৱদান দিছে সিমানেই তেওঁ নিজ প্ৰতিভা দেখুওৱাবলৈ সহায় কৰিছে নৱপ্ৰজন্মক। তেওঁৰ সৈতে জড়িত হৈ পৰাৰ পিছত হয়টো নিজ কেৰিয়াৰটোক লৈ কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই একাংশই। তেনেই এগৰাকী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী হৈছে ঋতৃষা শৰ্মা, যাৰ শ্ৰুতিমধুৰ কণ্ঠৰ বাবে অনুৰাগীৰ সংখ্যা ক্ৰমশ দীঘলীয়া হৈছে। কিন্তু আপোনালোক কিমান গৰাকীয়ে জানে ঋতৃষা আৰু জুবিন গাৰ্গৰ সাংগীতিক যাত্ৰাটিৰ আঁৰৰ কাহিনীভাগ?
নিশ্চয় পূৰ্বে নাজানিছিল, কিন্তু এতিয়া আপোনালোকে এটি গীতৰ যোগেৰে জানিবলৈ পাৰিব। সদ্যমুক্তিপ্ৰাপ্ত ‘তুমি আছা মানে মই আছোঁ’ শীৰ্ষক গীতটিৰ যোগেৰেই আপোনালোকে উপভোগ কৰিব পাৰিব কাহিনীভাগ। গীতটিয়ে মুক্তিৰ পিছতেই লাভ কৰিছে বহুল সফলতা, গীতটিত কণ্ঠদান কৰাৰ সমান্তৰালকৈ ইয়াৰ ভিডিঅ’টিত অভিনয়ো কৰিছে জুবিন গাৰ্গ তথা ঋতৃষা শৰ্মাই। ঋতৃষা শৰ্মাৰ সপোনৰ প্ৰকল্প এই গীতটিৰ সৈতে ইয়াৰ কাহিনীভাগৰ সমিল ঘটাই উপস্থাপিত ভিডিঅ’টোৰ পৰিচালনা কৰিছে শচীন বৰুৱাই। গীতটিত কথা ৰাহুল গৌতম শৰ্মাৰ। আনহাতে, গীতটিত সংগীত কৰিছে আন এটি লেখত ল’বলগীয়া যুটি পল্লৱ তালুকদাৰ আৰু প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই। জুবিন গাৰ্গ আৰু ঋতৃষা শৰ্মাৰ সৈতে ভিডিঅ’টোত অভিনয় কৰিছে শিশু শিল্পী ত্ৰিদিশা গগৈয়ে। গীতটিৰ প্ৰযোজনা অঞ্জন শইকীয়াৰ লগতে পোষ্টাৰ আৰু গ্ৰাফিক্স ডিজাইন কৰিছে অভিজিৎ লস্কৰে।













