![]()
নিউজ ডেস্কঃ
বিগত কেইটামান দিনত কাশ্মীৰত মুঠ ১১ জন সাধাৰণ মানুহক হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে। তেওঁলোকৰ ভিতৰত পাঁচজন প্ৰব্ৰজিত শ্ৰমিক। নির্বিবাদে চলা এই হত্যালীলাত ভয় খাইছে শ্ৰমিকসকলে। নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে অন্য ৰাজ্যৰ পৰা অহা শ্রমিকসকলক সুৰক্ষাৰ আশ্বাস দিছে। কিন্তু তেওঁলোকে ৰাজ্যখনৰ পৰা গুচি আহিবৰ বাবে হাহাকাৰ কৰিছে।
কাশ্মীৰ আৰক্ষীৰ এজন বিষয়াই সংবাদ সংস্থা ৰয়টাৰ্ছক জনোৱা মতে, ‘‘আমি প্রায় এক হাজাৰ প্ৰব্ৰজিত শ্রমিকক নিৰাপদ স্থানলৈ লৈ গৈছো। তেওঁলোকক ঘৰলৈ উভতাৰ ব্যৱস্থা কৰা হৈছে।’’
উল্লেখ্য, দেওবাৰে কুলগাম জিলাত এটি ভাড়াঘৰত সোমাই বিহাৰৰ দুজন শ্রমিকক হত্যা কৰে সন্ত্ৰাসবাদীয়ে। গুৰুতৰভাৱে আহত হয় আৰু এজন।













