![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনা সংক্ৰমণ হৈছে ১৩ হাজাৰ ৫৮। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুযায়ী মার্চৰ প্রথম সপ্তাহৰ পিছত এই প্রথম ইমানখিনি কমিল দৈনিক সংক্রমণৰ সংখ্যা।
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত মৃত্যু হৈছে ১৬৪ জনৰ। আনহাতে, মঙ্গলবাৰে পুৱা ৮টা পর্যন্ত দেশত মুঠ ৩ কোটি ৪০ লক্ষ ৯৪ হাজাৰ ৩৭৩ জন কৰোনাত আক্রান্ত হৈছে। মুঠ মৃত্যুৰ সংখ্য ৪ লক্ষ ৫২ হাজাৰ ৪৫৪।
ইফালে বিগত ২৪ ঘণ্টাত ৮৭ লক্ষ ৪১ হাজাৰ ১৬০ জনৰ টীকাকৰণ হৈছে। ইয়াকে লৈ দেশত মুঠ টীকাকৰণৰ সংখ্যা হ’ল ৯৮ কোটি ৬৭ লক্ষ ৬৯ হাজাৰ।













