![]()
নিউজ ডেস্কঃ
দেওবাৰৰ পৰা একেৰাহে বৰষুণ হৈ আছে দেশৰ অধিকাংশ ৰাজ্যত। বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্র মতে, নিম্নচাপৰ ফলত এই বৃষ্টিপাত হ’ব বুধবাৰ পর্যন্ত। বৃহস্পতিবাৰৰ পৰা পুনৰ স্বাভাবিক অৱস্থা হ’ব। কিন্তু প্রথম দুদিনৰ বৃষ্টিপাততে প্রাণ হেৰুৱাইছে ৪০ জন দেশবাসীয়ে। ইয়াৰ ভিতৰত ৩৫ জন কেৰালাত আৰু ৫ জন উত্তৰাখণ্ডত। বানপানীৰ ফলত হোৱা খহনীয়াত মৃত্যু হৈছে অধিকাংশ লোকৰ। নিখোঁজ বহুতো।
কেৰালাবাসীৰ দুশ্চিন্তা আৰু বৃদ্ধি কৰিছে কেৰালা প্রশাসনৰ নতুন সিদ্ধান্তই। প্ৰবল বৰষুণত জলস্তৰ বৃদ্ধি পোৱাত দুটি বৃহৎ নদীবান্ধৰ লকগে’ট খোলাৰ সিদ্ধান্ত লৈছে কেৰালা চৰকাৰে। ফলত পৰিস্থিতি অধিক জটিল হোৱাৰ আশঙ্কাই দেখা দিছে।
কেৰালাৰ দৰেই উত্তৰাখণ্ড, পশ্চিমবঙ্গ, ৰাজস্থান, দিল্লী, হিমাচল প্রদেশ, মধ্য প্রদেশ, ওড়িশা, উত্তৰ প্রদেশো প্ৰবল বৃষ্টিপাতত বিপর্যস্ত।













