![]()
নিউজ ডেস্কঃ
মঙ্গলবাৰে প্রধানমন্ত্রীৰ বাসভৱনত এক বৈঠকত মিলিত হয় নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ। কেবিনেট বৈঠকৰ পূৰ্বে দুই শীর্ষ নেতাৰ এই বৈঠক যথেষ্ট ইঙ্গিতপূর্ণ বুলি বিবেচিত হৈছে।
ইফালে কাশ্মীৰ উপত্যকা বহুদিন ধৰি উত্তপ্ত হৈ আছে। এই পৰিস্থিতিত ২৩ অক্টোবৰত উপত্যকাটোলৈ যোৱাৰ কথা গৃহমন্ত্রীৰ। অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে তালৈ যাব অমিত শ্বাহ।
জম্মুত এখন সভাতো বক্তব্য ৰাখিব শ্বাহে। বৈঠকত বহিব কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ শীর্ষস্থানীয় নিৰাপত্তা বিষয়াসকলৰ সৈতেও। উক্ত ভ্ৰমণৰ পূৰ্বে প্রধানমন্ত্রীৰ সৈতে বৈঠকত সম্পূৰ্ণ বিষয়টি সন্দৰ্ভত আলোচনা হোৱা বুলি ভূ-ৰখা মহলৰ মত।













