![]()
নিউজ ডেস্কঃ
কাশ্মীৰৰ ৰাজৌৰিৰ ঘন অৰণ্যত লস্কৰ-ই-তৈবাৰ ছয় সন্ত্ৰাসবাদীক হত্যা কৰে ভাৰতীয় সেনাই। আৰু তিনিৰ পৰা চাৰিজন সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান চলি আছে। ভাৰতীয় সেনাৰ ১৬ কর্পছ ট্রুপছে এই অভিযানত বৃহৎ সাফল্য লাভ কৰে। ইয়াৰ পূৰ্বে পাক অধিকৃত কাশ্মীৰৰ পৰা অনুপ্রবেশ কৰা সন্ত্ৰাসবাদীৰ সৈতে সংঘর্ষত ৯ জোৱান ছহিদ হৈছিল। তেওঁলোকৰ ভিতৰত আছিল দুই বিষয়া পর্যায়ৰ।
আনহাতে, দিল্লীৰ ধাৰণা পাক অধিকৃত কাশ্মীৰৰ পৰা প্রায় ১০ সন্ত্ৰাসবাদী সীমান্ত পাৰ হৈ পুঞ্চ-ৰাজৌৰিত প্ৰৱেশ কৰিছে।













