![]()
নিউজ ডেস্কঃ
লাডাখে হওক বা অৰুণাচল, সকলোতেই নিয়ন্ত্ৰণ ৰেখাত সক্রিয়তা বঢ়াইছে চীনৰ পিপল্ছ লিবাৰেচন আর্মিয়ে। মঙ্গলবাৰে ইষ্টার্ন আর্মিৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই জনায় যে নিয়ন্ত্ৰণ ৰেখাত নিৰন্তৰ চীনা সেনাৰ গতিবিধি বাঢ়িছে। প্রশিক্ষণো চলিছে। সেয়ে আৰু বহি থাকিব বিচৰা নাই ভাৰতীয় সেনাও। লাডাখৰ পিছত এইবাৰ দৃষ্টি অৰুণাচল সীমান্তত। সেয়ে তাৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে।
অৰুণাচল প্রদেশ আৰু ছিকিমত ১ হাজাৰ ৩৪৬ কিলোমিটাৰ ভাৰত–চীন সীমান্ত। তাত টহলদাৰী বৃদ্ধিৰ বাবে অত্যাধুনিক প্রযুক্তি আমদানি কৰিছে সেনাবাহিনীয়ে। সামৰিক আন্তঃগাঁথনি উন্নয়নৰ বাবে নির্মাণকাৰ্য চলিছে। উপগ্রহৰ জৰিয়তে এলেকাটোত পৰ্যবেক্ষণ চলোৱাৰ লগতে আছে ইজৰাইলৰ হেৰন মার্ক–২ ড্রোন। এই ড্রোনে পর্যবেক্ষণ কৰিব নিয়ন্ত্ৰণ ৰেখা।
সূত্ৰৰ খবৰ মতে, লাডাখৰ পৰা অৰুণাচল প্রদেশলৈ সেনাই যাতে সহজতে যাতায়াত কৰিব পাৰে, তাৰ বাবে পথ আৰু সুৰঙ্গ পথ নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত যাতায়াত আৰু মসৃণ হ’ব। টাৱাঙত সেনাৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ নির্মাণকাৰ্য চলিছে। অৰুণাচল প্রদেশৰ সেনাঘাটিত এম–৭৭৭ হাউইৎজাৰ আৰু চিনুক হেলিকপ্টাৰো মোতায়েন কৰা আছে।













