![]()
নিউজ ডেস্কঃ
পঞ্জাবৰ মুখ্যমন্ত্রী পদৰ পৰা অপসাৰিত কেপ্টেইন অমৰেন্দ্র সিঙে নতুন দল গঠন কৰি ২০২২ৰ পঞ্জাব বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে জোঁটবন্ধন কৰিব। এই কথা জনাইছে খোদ অমৰেন্দ্ৰ সিঙে৷
অৱশ্যে অমৰেন্দ্ৰ সিঙৰ চর্ত, যদিহে কৃষক আন্দোলনৰ সমাধান হয় আৰু সেয়া কৃষকসকলৰ স্বার্থত হয়, তেতিয়াহে তেওঁ বিজেপিৰ সৈতে আসন বুজাবুজিৰ বিষয়ত আশাবাদী। উল্লেখ্য, কংগ্রেছ নেতৃত্বই মুখ্যমন্ত্রীৰ গাদীৰ পৰা তেওঁক আঁতৰোৱাৰ পিছতেই দিল্লীলৈ গৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰিছিল। তেতিয়া অৱশ্যে অমৰেন্দ্র শিবিৰৰ ঘনিষ্ঠ মহসে জনাইছিল যে অমিত শ্বাহৰ সৈতে তেওঁৰ কৃষক আন্দোলনক লৈ আলোচনা হৈছে। বিজেপিয়ে বিচাৰিছে যে অমৰেন্দ্রই কৃষকসকলৰ সৈতে কথা পাতি আন্দোলনৰ যৱনিকা পেলোৱাৰ চেষ্টা কৰক।
উল্লেখ্য, অমৰেন্দ্র সিঙে এতিয়াও আনুষ্ঠানিকভাবে কংগ্রেছৰ পৰা পদত্যাগ কৰা নাই। অৱশ্যে তেওঁ মঙলবাৰে জনায়, ‘‘অতি শীঘ্রেই মই নিজৰ ৰাজনৈতিক দল গঠন কৰিম।’’













