![]()
বিশেষ প্ৰতিবেদনঃ
দীপলিনাৰ ডেকাৰ গীত আৰু গীতটি জনপ্ৰিয়তাৰ শিখৰলৈ নুঠিবনে? তেনে হ’বই নোৱাৰে। তেওঁৰ কণ্ঠ তথা প্ৰতিটো গীতৰেই অনুৰাগী হৈছে অসমৰ প্ৰতিগৰাকী সংগীতপ্ৰেমী শ্ৰোতা। শেহতীয়াকৈ তেওঁৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত ‘আলসুৱা’ গীতটিয়েও লাভ কৰিছিল জনপ্ৰিয়তা। গীতটি বিগত ১০ অক্টোবৰ তাৰিখেই মুক্তি লাভ কৰিছিল যদিও বৰ্তমানলৈকে গীতটিক লৈ উৎসাহিত সকলো। সম্পৰ্কবোৰত বিশ্বাসৰ প্ৰয়োজন বুলি প্ৰত্যেকেই কয়। বিশ্বাসৰ লগতে ভালপোৱা জনৰ পৰা পোৱা অকণমান আশ্বাস তথা মৰমে আমাক আগবাঢ়ি যাবলৈ, নতুনক জীয়াবলৈ শক্তি দিয়ে। দীপলিনা ডেকাৰ এই ‘আলসুৱা’ শীৰ্ষক গীতটিতেই আছে এনে বহু হৃদয়স্পৰ্শী টুকুৰা টুকৰ ঘটনাৰে সংমিশ্ৰিত এটি কাহিনী।
‘আলসুৱা’ গীতটিত কথা ৰাহুল ডে দাসৰ। ইয়াত সুৰ, প্ৰযোজনা আৰু ব্যৱস্থাপনা কৰিছে সপোন শইকীয়াই। আনহাতে, গীতটিত ভিডিঅ’ত সংযোজিত কাহিনীভাগ আৰু পৰিচালনা কৰিছে বেদান্তই। দীপলিনাৰ সৈতে গীতটিত অভিনয় কৰিছে ৰবি শৰ্মাই। সহঃপৰিচালনা কৰিছে অনামিকা শৰণীয়াই। এক কথাত ক’বলৈ গ’লে, সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীয়ে নিজ নিজ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবেই ‘আলসুৱা’ ই লাভ কৰিছে সফলতা। গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক জনাইছোঁ আন্তৰিক শুভকামনা।













