আন এটি গীতৰ সৈতে সাজু হৈছে অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান। বিগত বৰ্ষটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ তেওঁ এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। তেওঁৰ আহিবলগীয়া গীতটিৰ নাম হৈছে ‘একেলগে থাকিম’। অহা ২৪ অক্টোবৰ তাৰিখে মুক্তিপাবলগীয়া এই গীতটিত কথা আৰু সুৰ কৰিছে ৰেকিবুলে লগতে সংগীত ব্যৱস্থাপনা দ্বীপকেশ বৰগোঁহাইৰ। গীতটিত ৰাকেশ ৰিয়ানৰ সৈতে যুটীয়াভাৱে কণ্ঠদান কৰিছে গাৰ্গী দত্তই।

বৰ্তমান সময়ত জনপ্ৰিয় কণ্ঠশিল্পীৰ দীঘলীয়া লিষ্ট খনত ৰাকেশ ৰিয়ানৰ নাম শীৰ্ষত পোৱা যাব বুলি ক’লেও হয়টো বঢ়াই কোৱা নহ’ব। কাৰণ তেওঁৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰত্যেকটো গীতেই চুমিছে জনপ্ৰিয়তাক। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা- দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা ৰাকেশ ৰিয়ানৰ গীতসমূহত সহজতে ভিউৱাৰচৰ মিলিয়নৰ অংক অতিক্ৰম কৰে।













