![]()
নিউজ ডেস্কঃ
ৰিজার্ভ বেঙ্ক অব ইণ্ডিয়া (আৰবিআই)ৰ গৱর্নৰ শক্তিকান্ত দাসৰ কার্যকালৰ সময়সীমা আৰু তিনি বছৰ বৃদ্ধি কৰিলে কেন্দ্রীয় চৰকাৰে। কেন্দ্রীয় মন্ত্ৰীসভাৰ নিয়োগ সংক্রান্তীয় কমিটিয়ে শুক্রবাৰে এই সিদ্ধান্তত অনুমোদন দিয়ে।
২০১৮ চনৰ ডিচেম্বৰত উর্জিত পেটেলৰ ইস্তফাৰ পিছত শক্তিকান্তক আৰবিআইৰ গৱর্নৰ পদ নিয়োগ কৰিছিল নৰেন্দ্র মোদী চৰকাৰে। তেওঁৰ প্রথম পৰ্যায়ৰ কার্যকালৰ ম্যাদ আছিল অহা ডিচেম্বৰ পর্যন্ত।











