![]()
নিউজ ডেস্কঃ
নাম সলনি হৈ এতিয়াৰে পৰা ‘ফেচবুক’ হৈ পৰিল ‘মেটা’। নতুন নাম ঘোষণা ফেচবুক প্রধান নির্বাহী মার্ক জুকাৰবাৰ্গে। উল্লেখ্য, কিছুদিন ধৰি ফেচবুকৰ নাম পৰিবর্তনক লৈ চৰ্চা চলিছিল। অৱশেষত সেয়াই সত্য হ’ল। বৃহস্পতিবাৰে ফেচবুকৰ বার্ষিক সন্মিলনত এই ঘোষণা কৰে জুকাৰবাৰ্গে।
অৱশ্যে ‘ফেচবুক’ কোম্পানীৰ নাম সলনি হ’লেও ফেচবুক এপ আগৰ দৰেই থাকিব। ফেচবুক, ৱাটছএপ, ইনষ্টাগ্রাম, ওকুলাছৰ কোম্পানীৰ নাম আছিল ফেচবুক। এতিয়া সেইটো সলনি কৰি কৰা হৈছে ‘মেটা’। সুদীর্ঘ ১৭ বছৰ পিছত এই নতুন নাম।
আনহাতে, নাম সলনিৰ লগে লগে সলনি হ’ল ফেচবুকৰ ল’গ’। কোম্পানীটোৰ গ্লোবেল হেডকোৱার্টাৰ মেনলো পার্কৰ সন্মুখত স্থাপন কৰা হৈছে এই নতুন ল’গ’।











