![]()
নিউজ ডেস্কঃ
এক অমানৱীয় শাস্তি! উত্তৰ প্রদেশৰ মির্জাপুৰত দ্বিতীয় শ্রেণীৰ এজন ছাত্ৰক স্কুলৰ দুই মহলাৰ বাৰান্দাৰ পৰা ওলোমাই ৰাখিলে স্কুলখনৰ অধ্যক্ষই। উক্ত ছবি ভাইৰেল হোৱাৰ লগে লগেই তীব্ৰ সমালোচনা আৰু গৰিহণাৰ জোৱাৰ উঠে ছচিয়েল মিডিয়াত। ঘটনাৰ তদন্তৰ নির্দেশ দিছে মির্জাপুৰ জিলা প্রশাসনে।
জানিব পৰা মতে, মির্জাপুৰৰ অহৰাউৰা এলেকাৰ সদ্ভাৱনা শিক্ষণ সংস্থান জুনিয়ৰ হাইস্কুলৰ দ্বিতীয় শ্রেণীৰ ছাত্র সোনু যাদৱে টিফিনৰ সময়ত বন্ধুসকলৰ সৈতে দুষ্টামি কৰিছিল। তেতিয়াই অধ্যক্ষ মনোজ বিশ্বকর্মাই সোনু যাদৱৰ ওপৰত ক্ষুব্ধ হৈ উঠে। ইয়াৰ পিছতেই শিশুটিৰ ভৰিত ধৰি টানি আনি দুই মহলাৰ বাৰান্দাৰ পৰা মূৰ তলৰ ফালে কৰি ওলোমাই ৰাখি শাস্তি দিয়ে।
বুকুৰ ধপধপনি বন্ধ কৰা উক্ত দৃশ্য দেখি অন্যা ছাত্র-ছাত্রীসকলেও ভয়ত চিঞৰি উঠে। বাৰে বাৰে শিক্ষকজনক ক্ষমা বিচাৰি থাকে ছাত্ৰজনে। এই ছবি প্রকাশ্যে অহাৰ পিছতেই তৎপৰ হয় প্রশাসন। ঘটনাৰ তদন্তৰ নির্দেশ দিয়া হৈছে।











