![]()
নিউজ ডেস্কঃ
গোৱাত মমতা বেনাৰ্জীৰ উপস্থিতিত তৃণমূলত যোগ দিলে টেনিছ তাৰকা লিয়েণ্ডাৰ পেজে। শুক্রবাৰে পানাজিত সংবাদমেলত মমতাৰ হাতৰ পৰা তৃণমূলৰ পতাকা লয় লিয়েণ্ডাৰে। তেওঁৰ সৈতে আছিল তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক ও’ব্রায়ান।
উল্লেলখ্য, অলিম্পিক ছিঙ্গলছত ব্রেঞ্জজয়ী লিয়েণ্ডাৰে ডাবলছত আঠটা গ্ৰেণ্ড শ্লেম আৰু মিক্সড ডাবলছত ১০টি গ্ৰেণ্ড শ্লেম জয় কৰিছে। খেলৰত্ন বঁটাৰ লগতে পদ্মশ্রী, পদ্মভূষণ, অর্জুন পুৰস্কাৰেৰেও সন্মানিত হৈছে তেওঁ।











