![]()
নিউজ ডেস্কঃ
সুদীর্ঘ অপেক্ষাৰ অন্তত অৱশেষত দীপাৱলীত গ্রাহকৰ বাবে সুখবৰ দিলে আম্বানিৰ জিঅ’ই (Jio)। এইবাৰ বজাৰলৈ আহিব ওলাইছে Jio Phone Next 4G স্মার্টফোন। এই ৪জি স্মার্টফোন অহা ৪ নৱেম্বৰ অর্থাৎ কালী পূজাৰ দিনাৰ পৰাই বজাৰত পোৱা যাব। ইয়াৰ মূল্য হৈছে ৬৪৯৯ টকা। কিন্তু আপুনি এই ফোন মাত্র ১৯৯৯ টকাতেই ঘৰলৈ আনিব পাৰিব। কেনেদৰে জানি লওক-
EMI প্লেনৰ সৈতে গ্রাহকে এই ফোনটি মাত্র ১৯৯৯ টকাত কিনিব পাৰিব। ইয়াৰ বাবে প্রথমে দিব লাগিব ১৯৯৯ টকা আৰু লগতে ৫০১ টকা প্রচেছিং মাচুল। তাৰ পিছত গ্রাহকে ১৮ বা ২৪ মাহৰ কিস্তিত এই ধন দিব পাৰিব।
আপুনি বিচাৰিলে নিকটস্থ Jio Mart ডিজিটেল খুচুৰা বিক্রেতাৰ পৰাও এই ফোনটি কিনিব পাৰে। WhatsApp-ৰ জৰিয়তেও কিনিব পাৰে। তেনে ক্ষেত্রত 7018270182 নম্বৰত এটা ‘Hi’ মেছেজ কৰিব লাগিব। তাৰ পিছত বাকী পদ্ধতি অনুসৰণ কৰিব লাগিব।
এই ফোনত এলইডি ডিছপ্লে আছে ৫.৫ ইঞ্চিৰ। লগত থাকিব 2GB বা 3GB RAM। চিপছেট থাকিব কোয়ালকম QM215। ৪জি ছাপোর্ট ছিষ্টেম আৰু ডুৱেল চিম ছাপোর্ট থাকিব এই ফোনত। বেটাৰী হ’ব 2,500mAh। ১৩ মেগাপিক্সেল কেমেৰা আছে। লগতে ছেলফি আৰু ভিডিও কলৰ বাবে আছে ৪ মেগাপিক্সেলৰ ছেন্সৰ। কেমেৰাত গুগল লেন্সৰ ছাপোর্ট আছে।
ইয়াৰ উপৰি আছে ভলিউম, পাৱাৰ বাটন, হটস্পটৰ সুবিধা, কেমেৰাৰ সৈতে পোর্ট্রেট মোড আৰু স্ন্যাপচাট ফিল্টাৰ ফিচাৰো আছে। আছে মিউজিক ছিষ্টেম প্লে কৰাৰ সুবিধাও। লগতে জিঅ’ৰ পক্ষৰ পৰা সকলো প্ৰকাৰৰ ছফটৱেৰ আৰু চিকিউৰিটি আপডেট দিয়া হ’ব।











