![]()
মনোৰঞ্জনঃ
পুত্ৰ আৰিয়ন খানে জামিন লাভ কৰাৰ পিছতেই শ্বাহৰুখ খান আৰু গৌৰী খান অধিক কঠোৰ হৈ পৰিছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈ এটা সাধাৰণ জীৱন দিয়াৰ বাবে অভিভাৱকদ্বয় ব্যস্ত হৈ পৰিছে পুত্ৰৰ বাবে। কিং খানৰ এগৰাকী ঘনিষ্ঠ বন্ধুৱে জনোৱা মতে, নিৰ্ধাৰিত সময়ত শুই উঠা অথবা টোপনি যোৱা লগতে আৰিয়ন খানৰ ফিটনেছক লৈ গুৰুত্ব দিছে শ্বাহৰুখ তথা গৌৰী খানে। আনহাতে, পুত্ৰই পঢ়িবলৈ আৰু চাবলৈ এখন ভিন্ন লিষ্টৰ তৈয়াৰ কৰিছে শ্বাহৰুখ খানে।
জানিব পৰা মতে, জামিন লাভৰ পিছত আৰিয়ন খান সুৰক্ষা বঢ়াই দিছে কিং খানে। ইয়াৰ লগতে, শ্বাহৰুখ খানৰ ব্যক্তিগত দেহৰক্ষী ৰবি সিঙে এতিয়া ২৪ঘণ্টাই অভিনেতা গৰাকীৰ পুত্ৰ আৰিয়ন খানৰ সৈতে ছাঁ ৰ দৰে আছে। ড্ৰাগছ কেছত আৰিয়ন খান নাম অহাৰ পিছৰ পৰাই শ্বাহৰুখ খান আচৰিত হৈ পৰিছে, তেওঁলোকৰ মতে যদিহে ৰবি সিং পূৰ্বতে আৰিয়ন খানৰ সৈতে থাকিলেহঁতেন তেতিয়াহ’লে হয়টো এনে পৰিস্থিতি আহি নপৰিলেহেঁতেন।













