![]()
নিউজ ডেস্কঃ
৯ লক্ষাধিক মাটিৰ চাকি জ্বলাই নতুন ৰেকর্ড সৃষ্টি অযোধ্যাৰ। দীপাৱলী উপলক্ষে সৰযূ নদীৰ পাৰত বুধবাৰ জ্বলোৱা হয় ৯ লাখ ৪১ হাজাৰ ৫৫১ গচি মাটিৰ চাকি। একেটা স্থানত ইমান সংখ্যক মাটিৰ চাকি ইয়াৰ পূৰ্বে বিশ্বৰ ক’তো জ্বলোৱা হোৱা নাই। মাটিৰ চাকি জ্বলোৱাত সৃষ্টি হ’ল গিনিছ ৱর্ল্ড ৰেকর্ড।
https://twitter.com/i/status/1455895112379027463
এই নতুন ৰেকর্ডৰ কথা বুধবাৰে জনাইছে উত্তৰ প্ৰদেশৰ তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয়ে। গিনিছ কর্তৃপক্ষই ৰেকর্ডৰ এখন প্ৰমাণ-পত্রও দিছে। যোগীৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগৰ আইএএছ বিষয়াই নিজৰ টুইটাৰ একাউণ্টৰ পৰা শ্বেয়াৰ কৰিছে উক্ত প্ৰমাণ-পত্রৰ ছবি।
https://twitter.com/i/status/1456100367544897542
উল্লেখ্য, সৰযূ নদীৰ পাৰৰ উপৰি অযোধ্যাৰ বিভিন্ন স্থানত আৰু ৩ লাখ চাকি জ্বলোৱা হৈছিল বুধবাৰে। সৰযূৰ পাৰত অনুষ্ঠানত বুধবাৰে উপস্থিত আছিল উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ। ১২ হাজাৰ স্বেচ্ছাসেৱকে চাকি জ্বলোৱাৰ কাম কৰে। লগতে ‘ৰাম কি পেড়ি’ ঘাটত লেজাৰ শ্বৰে ফুটাই তোলা হৈছিল ৰামায়ণৰ বিভিন্ন দৃশ্য। সকলো মিলাই দীপাৱলীৰ পূৰ্ব সন্ধিয়া নতুন ৰেকর্ডৰ সাক্ষী হ’ল ‘ৰাম জন্মভূমি’।













