![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১২ হাজাৰ ৮৮৫ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্ত হৈছে ৩ কোটি ৪৩ লক্ষ ২১ হাজাৰ ২৫ জন।
দৈনিক আক্রান্ত কমিলেও দেশত দৈনিক মৃত্যু সিমান এটা কমা নাই। বিগত ২৪ ঘণ্টাত দেশত ৪৬১ জনৰ মৃত্যু হৈছে। এই মৃত্যুৰ অধিকাংশই কেৰালাত। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৩৬২ জনৰ মৃত্যু হৈছে।
আনহাতে, আক্রান্তৰ সংখ্যা বৃহস্পতিবাৰে ডেৰ লাখৰ তললৈ নামিছে। এই বছৰ ২১ ফেব্রুৱাৰীত অন্তিমবাৰ দেশত সক্রিয় ৰোগী আছিল ডেৰ লাখৰ কম। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৪৮ হাজাৰ ৫৭৯ জন।













