![]()
নিউজ ডেস্কঃ
৭০ বছৰীয়া এগৰাকী বৃদ্ধাক হত্যাৰ অভিযোগ উঠিল দুই কিশোৰৰ বিৰুদ্ধে। ৩০ অক্টোবৰত হত্যাৰ ঘটনাটি ঘটে মহাৰাষ্ট্রৰ পুণেৰ হিঙ্গে কুর্দ এলেকাৰ এটি ফ্লেটত। আৰক্ষীয়ে জনোৱা মতে, এখন জনপ্রিয় টিভি ধাৰাবাহিকৰ অনুকৰণত এই কাম কৰে অভিযুক্তই।
৩০ অক্টোবৰত নিজৰ ফ্লেটত উদ্ধাৰ হয় বৃদ্ধাগৰাকীৰ মৃতদেহ। তেওঁৰ মূৰত গভীৰ আঘাতৰ চিন আছিল। মৃতদেহ উদ্ধাৰৰ পিছত বৃদ্ধাগৰাকীৰ পুত্ৰই চিনহাগাদ থানাত অভিযোগ দাখিল কৰে। ঘটনাৰ ৪৮ ঘণ্টা পিছত অভিযুক্তৰ সন্ধান উলিয়াবলৈ সক্ষম হয় আৰক্ষী। আৰক্ষীয়ে জনোৱা মতে, তদন্তৰ বাবে দুই আৰক্ষী বিষয়া গৈছিল বৃদ্ধাগৰাকীৰ ফ্লেটলৈ। তাত কেইবাটাও কিশোৰক খেলি থকা দেখে তেওঁলোকে। উক্ত কিশোৰকেইটাৰ সৈতে কথা পাতি তেওঁলোকে জানিব পাৰে যে তেওঁলোকৰ দুই বন্ধু ৩০ অক্টোবৰৰ দিনা খেলি খেলি হঠাৎ ঘৰলৈ গুচি গৈছিল। সেইদিনা তেওঁলোকৰ ফুচকা খোৱাৰ পৰিকল্পানাতো সিহঁত দুটাই যোগ দিয়া নাছিল বুলি জনায় বন্ধুবৰ্গই।
ইয়াৰ পিছত চিচি টিভি কেমেৰা চাই উক্ত দুই কিশোৰক চিনাক্ত কৰাৰ লগতে সোধাপোছা কৰে আৰক্ষীয়ে। তেতিয়াই হত্যাৰ বিষয়টি জানিব পাৰে। এগৰাকী আৰক্ষী বিষাই জনোৱা মতে, ‘‘বৃদ্ধাগৰাকী যেতিয়া ঘৰত অকলশৰে আছিল, তেতিয়া তেওঁৰ ঘৰত চুৰিৰ পৰিকল্পনা কৰিছিল দুই অভিযুক্তই। সেই মতে দুপৰীয়া ডে ৰবজাত সিহঁত বৃদ্ধাগৰাকীৰ ফ্লেটত সোমাইছিল। সেই সময়ত টিভি চাই আছিল বৃদ্ধাগৰাকীয়ে। অভিযুক্ত দুজনে বৃদ্ধাৰ পৰা নগদ ৯৩ হাজাৰ টকা আৰু প্রায় ৬৭ হাজাৰ টকাৰ গহনা চুৰি কৰে। হাতৰ চাপ যাতে পোৱা নাযায় তাৰ বাবে অভিযুক্তই গ্ল’ভছ পিন্ধিছিল। এখন টিভি ধাৰাবাহিক চাই এই পদ্ধতি শিকিছিল অভিযুক্ত দুজনে।’’ ১৪ আৰু ১৬ বছৰীয়া উক্ত দুই অভিযুক্তক পিছত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।













