![]()
নিউজ ডেস্কঃ
দিছপুৰ ছুপাৰ মাৰ্কেটৰ নৱনিৰ্মিত উৰণীয়া সেতুখন আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাবে মুকলি কৰে । মুঠ ১২০৫ মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুখনৰ নিৰ্মাণ ২২ মাহত সম্পূৰ্ণ হয়৷ সেতুখন নিৰ্মাণত ব্যয় হয় ১২৭.২০ কোটি টকা৷


উৰণীয়া সেতুখন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰৰ উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে কেইবাটাও নতুন আঁচনিৰ কথা ঘোষণা কৰে। তাৰ ভিতৰত-
# আৰ জি বৰুৱা ৰোডত নিৰ্মাণ হ’ব নতুন উৰণীয়া সেতু।
# বাইহাটা হৈ কুৰুৱাৰে নাৰেঙ্গীলৈ নিৰ্মাণ হ’ব ছয়লেনযুক্ত ৰিং ৰোড।
# নাৰেঙ্গীৰ পৰা পলাশবাৰীলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব চাৰিখন দলং।
# গুৱাহাটী মহানগৰী পাৰ্শ্বৱৰ্তী অঞ্চলসমূহলৈ সম্প্ৰসাৰণ কৰা হ’ব৷
# চানমাৰিস্থিত আকাশবাণীৰ কাৰ্যালয়ৰ ওচৰত নিৰ্মাণ হ’ব উদ্যান৷
# চন্দ্ৰপুৰত নিৰ্মাণ হ’ব খেলপথাৰ৷













