![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰে সেনাবাহিনীৰ সৈতে সঙ্গে দীপাৱলী উদযাপন কৰিবলৈ জম্মু-কাশ্মীৰৰ নৌচেৰাত উপস্থিত হয় প্রধানমন্ত্রী। তাত তেওঁ কয়, ভাৰতে প্রতিৰক্ষা ক্ষেত্রত বহুখিনি আগবাঢ়ি গৈছে। আগতে এটা অস্ত্রৰ সৰু যন্ত্রাংশ সলনি কৰিবলৈও বিদেশৰ ওপৰত নির্ভৰ কৰিবলগা হৈছিল। আৰু এতিয়া ভাৰতে নিজেই নিজৰ অস্ত্র নিৰ্মাণ কৰিছে। আগন্তুক দিনত সেইবোৰ বিদেশলৈও ৰপ্তানি হ’ব। মোদীয়ে কয়, অস্ত্র ৰপ্তানিকাৰক দেশ হিচাবে শীঘ্ৰেই ভাৰতে নিজৰ পৰিচয় প্রতিষ্ঠা কৰিব।
এই মুহূর্তত বিশ্বৰ প্রথম অস্ত্র ক্রেতা পাঁচ দেশৰ তালিকাত দ্বিতীয় স্থানত আছে ভাৰত। এক নম্বৰত আছে চৌডি আৰব। আনহাতে, অস্ত্র ৰপ্তানিত প্রথম পাঁচ দেশ যথাক্রমে আমেৰিকা, ৰাছিয়া, ফ্রান্স, জার্মানী আৰু চীন।
https://twitter.com/i/broadcasts/1lDxLLWaLRbxm
মোদীয়ে লগতে জনায়, ভাৰতত এতিয়া তেজস বিমান, অর্জুন টেঙ্ক নিৰ্মাণ হৈছে। বিজয়া দশমীৰ দিনা সাতটা চৰকাৰী কোম্পানীক অস্ত্র নিৰ্মাণৰ বিশেষ দায়িত্ব দিয়া হৈছে। দেশৰ বহু ব্যক্তিগত কোম্পানীয়েও প্রতিৰক্ষা সৰঞ্জাম নিৰ্মাণত আগ্রহ দেখুৱাইছে।













