![]()
নিউজ ডেস্কঃ
ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা পাকিস্তানী জেট বিমানক গুলীয়াই ভূপতিত কৰিছিল ভাৰতীয় বায়ুসেনা বিষয়া অভিনন্দন বৰ্তমানে৷ তাৰ পিছত শত্রুপক্ষৰ বিমানৰ পিচা কৰি প্ৰৱেশ কৰিছিল প্রতিবেশী দেশখনৰ সীমাৰ ভিতৰত। তাতেই তেওঁৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত পাকিস্তানী সেনাৰ হাতত আটক হৈছিল তেওঁ। সেই অভিনন্দন বর্তমানকে দিয়া হৈছে পদোন্নতি। উইং কমাণ্ডাৰ অভিনন্দনক গ্রুপ কেপ্টেইনলৈ পদোন্নতি দিয়া হৈছে।
তেওঁৰ পদোন্নতিত অনুমোদন জনাইছে কেন্দ্রই। অৱশ্যে নতুন পদ খালী হ’লেহে তেওঁক চৰকাৰীভাবে উক্ত পদত অধিষ্ঠিত কৰোৱা হ’ব। কিন্তু নিজৰ পোছাকত উক্ত ৰেঙ্ক লগাব পাৰিব।
উল্লেখ্য, ২০১৯ চনৰ ২৬ ফেব্রুৱাৰীত সীমান্ত পাৰ হৈ পাকিস্তানৰ বালাকোটত প্ৰৱেশ কৰি জইশ-ই-মহম্মদৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে ভাৰতীয় বায়ুসেনাই। প্ৰতিশোধ ল’বলৈ সীমান্ত পাৰ হৈ ভাৰতীয় ভূখণ্ডৰ ওপৰত টহল দি থাকে পাক বায়ুসেনাৰ বিমান।
ফলত দুই দেশৰ মাজত পৰিস্থিতি ক্রমে উত্তপ্ত হৈ উঠে। ২৭ ফেব্রুৱাৰীত পাক সেনাৰ এখন এফ–১৬ বিমান পিচা কৰি সীমান্তৰ সিপাৰলৈ খেদি পঠিয়ায় অভিনন্দনে। পিছত গুলী কৰি সেইখন ভূপতিত কৰে উইং কমাণ্ডাৰ অভিনন্দনে। তেতিয়াই পাক ভূখণ্ডত দুৰ্ঘটনাগ্ৰস্ত হয় তেওঁৰ মিগ–২১ বিমান। আটক হ তেওঁ।
দীর্ঘ কূটনৈতিক আলোচনাৰ পিছত ১ মার্চত অভিনন্দনক মুক্তি দিয়ে পাকিস্তানে। সেই বছৰতেই ভাৰতৰ তৃতীয় সর্বোচ্চ বীৰত্ব সন্মান বীৰচক্র দিয়া হয় অভিনন্দনক।













