![]()
নিউজ ডেস্কঃ
যেন হঠাৎ সাৰ পাই উঠিছে আগ্নেয়গিৰি! গলগলাই ওলাই আহিছে লাভা। যাৰ ফলত আলোকিত হৈ উঠিছে চৌপাশ।
প্রায় তেনেদৰেই হঠাৎ অসম্ভৱ উজ্জ্বল হৈ উঠা দেখা গ’ল এটি ধূমকেতুক। এই ধূমকেতুৰ সন্ধান পোৱা গ’ল এই প্রথম।
এই পর্যন্ত আমাৰ দৃষ্টিত ধৰা পৰা বৃহত্তম ধূমকেতুবোৰৰ ভিতৰত, ৰহস্যৰে আৱৰা এই ধূমকেতুটো সেইবোৰৰ ভিতৰত অন্যতম। আকাৰত প্রায় ‘হেল-বপ’ ধূমকেতুৰ দৰে সুবিশাল। বিগত শতাব্দীৰ নব্বৈৰ দশকত হেল-বপ ধূমকেতুক অতি উজ্জ্বল ৰূপত দেখা গৈছিল পৃথিৱীৰ আকাশত।
১৯২৭ চনত আৱিষ্কৃত হ’লেও উক্ত ধূমকেতুটিক ইয়াৰ পূৰ্বে হঠাৎ ইমান উজ্জ্বল হৈ উঠা দেখা যোৱা নাছিল। ধূমকেতুটোৰ নাম ‘কামেট ২৯-পি’। ধূমকেতুটোৱে সূর্যক প্রদক্ষিণ কৰি আছে বহু দূৰৰ কক্ষপথত। শনি আৰু বৃহস্পতিৰ মাজস্থানত।
ব্রিটিছ এষ্ট্ৰোনমিকেল এছোচিয়েচনৰ ‘এষ্টাৰয়েডছ এণ্ড ৰিমোট প্লেনেটছ’ বিভাগৰ প্রধান ৰিচার্ড মাইল্সে জনোৱা মতে, যোৱা ২৫ ছেপ্টেম্বৰত আকাশত ‘অৰিগা’ নক্ষত্রপুঞ্জৰ ফালে দৃষ্টি দিওঁতে টেলিস্কোপত ধৰা পৰে এই ধূমকেতুটোৰ উজ্জ্বলতা হঠাৎ অসম্ভৱ বাঢ়ি গৈছে।
তাৰ কিছুদিন পিছতেই সেয়া কিছু কমি যোৱা দেখা যায়। পিছত পুনৰ খুব উজ্জ্বল হৈ উঠে ধূমকেতুটো। দুদিনৰো কম সময়ৰ ভিতৰত ধূমকেতুটোক প্ৰায় ৫ বাৰ অতি উজ্জ্বল হৈ উঠা দেখা গৈছে। এনে লাগিছে যেন আগ্নেয়গিৰিৰ পৰা লাভাহে বাহিৰ ওলাই আহিছে। যেন এটাৰ পিছত আনটো বিস্ফোৰণ ঘটিছে ধূমকেতুটোত।
দুদিনৰো কম সময়ৰ ভিতৰত ধূমকেতুটোৰ উজ্জ্বলতা স্বাভাবিকতকৈ ২৫০ গুণ বাঢ়ি যায়।
কিন্তু ধূমকেতুটোৰ উজ্জ্বলতা হঠাৎ ইমান কিয় বাঢ়ি গ’ল আৰু সেই ঘটনা কিয় পর্যায়ক্রমে ঘটি গৈ আছে, সেই ৰহস্যৰ ভেদ এতিয়াও ভাঙিব পৰা নাই জ্যোতির্বিজ্ঞানীসকলে। তেওঁলোকৰ ধাৰণা, হয়তো ধূমকেতুটোৰ অভ্যন্তৰত কোনো পৰিবর্তন ঘটিছে।













