![]()
নিউজ ডেস্কঃ
আজি পুৱা উত্তৰাখণ্ডৰ ৰুদ্রপ্রয়াগৰ কেদাৰনাথ মন্দিৰ প্রাঙ্গণত আদি শঙ্কৰাচার্যৰ মূর্তিৰ উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১২ ফুট উচ্চতাৰ মূর্তিটো নিৰ্মাণ কৰোতে খৰচ হৈছে ২০০ কোটি টকাৰো অধিক। আদি শঙ্কৰাচার্যৰ সমাধি ২০১৩ চনত উত্তৰাখণ্ডত হোৱা প্রাকৃতিক বিপর্যয়ত ধ্বংস হৈছিল। ইয়াৰ পিছত ইয়াক পুনৰ নিৰ্মাণ কৰা হয়।
আদি শঙ্কৰাচার্যৰ মূর্তি উন্মোচনৰ পূৰ্বে কেদাৰনাথত পূজা দিয়ে মোদীয়ে। ইয়াৰ পিছত কেদাৰনাথ মন্দিৰ প্রদক্ষিণ কৰে। ইয়াৰ উপৰি হিমালয় মন্দিৰত ৩০০ কোটিৰো অধিক টকাৰ বিভিন্ন প্রকল্পৰ শিলান্যাস কৰে।













