![]()
মনোৰঞ্জনঃ
ক’ভিড দুৰ্যোগৰ পৰা সম্যক সকাহ লাভ কৰিছে ৰাজ্যবাসীয়ে। বিগত বহু দিনৰ স্তব্ধতাৰ পিছত স্কুল-কলেজৰ পৰা আৰম্ভ কৰি ৰৈ থকা বিভিন্ন কাম সমূহ কাৰ্যকৰী হৈ উঠিছে। তেনেক্ষেত্ৰত সক্ৰিয়ভাৱে আগবাঢ়ি আহিছে মনোৰঞ্জন ক্ষেত্ৰখনে, যদিও মনোৰঞ্জন ক্ষেত্ৰখনৰ কেতবোৰ মাধ্যমে দৰ্শকৰ কাষ চাপিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে তাতেই আকৌ আন কিছুমান মাধ্যমত বিৰাম লগা পৰিলক্ষিত হৈছিল। কিন্তু, এতিয়া আপোনালোকক জনাবলৈ ওলাইছোঁ এক নতুন খবৰ। যিটো শুনি হয়টো আপোনালোক প্ৰতিগৰাকী মনোৰঞ্জন প্ৰেমী দৰ্শক উৎসাহিত হৈ পৰিব।
দুটা বছৰৰ অপেক্ষাৰ অন্তত অতিশীঘ্ৰে এক সুন্দৰ আৰু গ্ৰহণযোগ্য পৰিকল্পনাৰে আহি আছে “থিয়েটাৰ সূৰ্য্য”। মুনিন্দ্ৰ বৰ্মনৰ প্ৰযোজনা আৰু উত্তম শৰ্মাৰ নতুন তথা ব্যতিক্ৰমী পৰিকল্পাৰে আয়োজিত ‘থিয়েটাৰ সূৰ্য্য’ ত তিনিখন নাটকৰ সংযোজন কৰা হৈছে। ৰোমাঞ্চ, ড্ৰামা, একচনকে ধৰি ভিন্ন ৰুচিসম্পন্ন কাহিনী সন্নিৱিষ্ট এই নাটক কেইখন হৈছে ক্ৰমে জনপ্ৰিয় শিল্পী অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত ‘মই সেন্দুৰ নলওঁ’ আৰু ‘শকুন্তলা”। আনহাতে, প্ৰশান্ত মেনাৰ দ্বাৰা ৰচিত “পৰশুৰামৰ প্ৰেয়সী”।
নাটকেইখনত অভিনয় কৰিছে ক্ৰমে প্ৰাণজিৎ দাস, সঞ্জীৱ শৰ্মা, সুকুমাৰ বৰ্মন, সীমান্ত কাশ্যপ, নৱ কাশ্যপ, জয়ন্ত শৰ্মা, দেবাশ্ৰী দাস আৰু হেলেন আখতাৰে। শেহতীয়াকৈ থিয়েটাৰৰ পোষ্টাৰৰ বাবে ফটোশ্বুট সম্পন্ন কৰিছে Natural Light Studio ৰ আশিষ শইকীয়াই।













