![]()
নিউজ ডেস্কঃ
দীপাৱলীৰ পূৰিবৰ পৰাই প্ৰদূষণ বৃদ্ধি পাইছিল দিল্লীত। দীপাৱলীৰ দিনা বিয়লিৰ পৰাই পৰিস্থিতি অধিক শোচনীয় হৈ পৰে। নিশা বিপজ্জনক অৱস্থাত উপনীত হয় বায়ুৰ গুণমান। শুক্রবাৰে পুৱাও পৰিস্থিতি সলনি নহয়। আজি পুৱা নয়ডাৰ বায়ুৰ গুণমান সূচক ৫০০ অতিক্ৰম কৰি গৈছে। পুছা ৰোড সংলগ্ন এলেকাত বায়ুৰ গুণমান সূচক আছিল ৫০৫। শুক্রবাৰে পুৱা জনপথৰ বায়ুৰ গুণমান আছিল ৬৫৫.০৭। ফৰিদাবাদত ৪২৪, গাজিয়াবাদত ৪৪২, গুৰগাঁৱত ৪২৩।
উল্লেখ্য, এইবাৰ দীপাৱলীত আতচবাজি জ্বলোৱাত নিষেধাজ্ঞা জাৰি কৰিছিল দিল্লীত। কিন্তু উক্ত নিষেধাজ্ঞা ভংগ কৰি ৰাজধানীৰ বিভিন্ন এলেকাত আতচবাজি বিক্ৰী হৈ থাকে। তাৰ ফলতেই পৰিবেশৰ এই অৱনতি। বায়ুৰ মান ‘বিপজ্জনক’ পৰিস্থিতিত উপনীত হৈছে। পৰিস্থিতি ইমানেই শোচনীয় যে একহাত দূৰৰ বস্তুও দেখা পোৱা নাযায়।













