![]()
নিউজ ডেস্কঃ
বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপ শাখাৰ আঞ্চলিক সঞ্চালক হান্স ক্লুগৰ বক্তব্য, সাম্প্রতিক সময়ৰ পৰিসংখ্যা বিবেচনা কৰি অনুমান কৰা হৈছে যে আগন্তুক ফেব্রুৱাৰীত কৰোনা ভাইৰাছ সংক্রমণৰ কাৰণে ইউৰোপত আৰু প্ৰায় ৫ লাখ মানুহৰ মৃত্যু হ’ব পাৰে।
বৃহস্পতিবাৰে এই আশঙ্কাৰ কথা জনাই হান্সে কয়, ‘ইউৰোপৰ বর্তমান পৰিস্থিতি অত্যন্ত উদ্বেগজনক। সংক্রমণৰ গতি পর্যবেক্ষণৰ পিছত আশঙ্কা কৰা হৈছে, অহা বছৰৰ আৰম্ভণিতেই মৃত্যুৰ সংখ্যা আৰু আধা মিলিয়ন বাঢ়ি যাব পাৰে।’
উল্লেখ্য, কৰোনাৰ দ্বিতীয় বর্ষত এপ্রিল মাহৰ দ্বিতীয় সপ্তাহত ইউৰোপত কৰোনা সংক্রমণত মৃত্যুৰ সংখ্যা এক মিলিয়ন অর্থাৎ ১০ লাখ অতিক্ৰম কৰিছিল। ইউৰোপৰ ৫৩খন দেশত সংক্রমণ যিটো গতিত বাঢ়িছে, সেয়া নিয়ন্ত্রণলৈ নাহিলে পুনৰ চৰম বিপদ আহিব। এই পৰিস্থিতিত অধিক কঠোৰ কোভিড বিধি আৰোপৰ পৰামর্শ দিছে তেওঁ।













