![]()
নিউজ ডেস্কঃ
পুনৰ ১০ হাজাৰৰ ঘৰলৈ নামিল দেশৰ দৈনিক কোভিড সংক্রমণ। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ১০ হাজাৰ ৯২৯ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে মুঠ ৩ কোটি ৪৩ লক্ষ ৪৪ হাজাৰ ৬৮৩ জন দেশত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।
দৈনিক সংক্রমণ কমিলেও অৱশ্যে বাঢ়িছে দৈনিক মৃত্যু। বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৩৯২ জনৰ। ইয়াৰ ভিতৰত ৩১৪ জনেই কেৰালাৰ।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত সক্রিয় ৰোগী কমিছে প্রায় দুই হাজাৰৰ ওচৰত। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৪৬ হাজাৰ ৯৫০ জন।













