![]()
নিউজ ডেস্কঃ
কৰোনা প্রতিৰোধত এই পর্যন্ত একমাত্র প্ৰতিৰোধক আছিল টীকা। কিন্তু এইবাৰ এক ঔষধক চর্তসাপেক্ষে অনুমতি-পত্র দিলে ব্রিটেইনে। কোৱা মতে, কৰোনাৰ চিকিৎসাৰ ইয়েই প্রথম সফলভাবে কাম কৰিছে। মার্ক কোম্পানীৰ ‘মোলনুপিৰাভিৰ’ নামৰ ঔষধবিধে অনুমোদন লাভ কৰিছে ১৮ বছৰ আৰু তাৰ ঊর্ধ্বৰ লোকসকলৰ বাবে। অৱশ্যে এই ঔষধ বজাৰলৈ কেতিয়া আহিব সেইটো জানিব পৰা হোৱা নাই।
১৮ ঊর্ধ্বৰ যিসকলৰ কোভিড পজিটিভ আৰু ৰোগ গুৰুতৰ হোৱাৰ অন্তত এটা উপসৰ্গ থকা লোকসকলৰ বাবে এই টেবলেট। মৃদুৰ পৰা মজলীয়া অৱস্থাৰ ৰোগীসকলে পাঁচদিন দুটাকৈ ‘মোলনুপিৰাভিৰ’ খাব লাগে।
ই হ’ল এক ‘এন্টিভাইৰেল টেবলেট’ যিয়ে উপসর্গ কমাই দিয়ে আৰু দ্রুততাৰে সুস্থ হোৱাত সহায় কৰে। বিশেষজ্ঞসকলৰ আশা, এই ঔষধ অহাৰ ফলত অতিমাৰিক ৰোধাৰ বাবে দুমুখীয়া অস্ত্র লাভ কৰা গৈছে, এফালে ঔষধৰ জৰিয়তে চিকিৎসা আৰু আনফালে টীকাৰ জৰিয়তে প্রতিৰোধ।
মোলনুপিৰাভিৰক ব্রিটেইনে প্রথম অনুমতি-পত্র দিয়া পিছত এতিয়া আমেৰিকা, ইউৰোপ আৰু অন্যান্য দেশবোৰতো অনুমোদন লাভৰ অপেক্ষাত আছে মার্ক কোম্পানীৰ কৰোনাৰ ঔষধবিধ। আমেৰিকাৰ ফুড এণ্ড ড্রাগ ছেফটি এডমিনিষ্ট্ৰেচনে যোৱা মাহতে জনাইছিল যে শীঘ্ৰেই স্বাধীন বিশেষজ্ঞসকলৰ পেনেল গঠন কৰি এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব।













