![]()
মনোৰঞ্জনঃ
আহি আছে কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ কণ্ঠৰে এটি নতুন গীত “বাহুম্বা”। গীতটিৰ শ্বুটিং সময়ছোৱাৰ বিভিন্ন ফটো তথা ভিডিঅ’ কণ্ঠশিল্পী গৰাকীয়ে চচিয়েল মিডিয়া যোগে ইতিমধ্যে শ্বেয়াৰ কৰি আহিছে। গীতটিৰ বিষয়বস্তু দীক্ষু শৰ্মাৰ পূৰ্বৰ গীতসমূহতকৈ ব্যতিক্ৰমী আৰু নতুন, সেয়া গীত প্ৰস্তুতিৰ আঁৰৰ বিভিন্ন ভিডিঅ’ তথা ফটো দেখিলেই বুজি পাব দৰ্শকে। সংগীত ক্ষেত্ৰখনৰ দীক্ষু শৰ্মা এনে এগৰাকী কণ্ঠশিল্পী, যিয়ে বহু কম সময়ৰ ভিতৰতেই ইটোৰ পিছত সিটোকৈ গীতক মুক্তিৰ কাষ চপায়। তেওঁৰ অনুৰাগীক কেতিয়াও যেন আমনি পাবলৈ তথা অপেক্ষা কৰিবলৈ নিদিয়ে।
শেহতীয়াকৈ আহিবলগীয়া এই গীতটিত ‘বেহাৰবাৰী আউটপোষ্ট’ ৰ দুগৰাকীকৈ জনপ্ৰিয় তাৰকাক দেখিবলৈ পোৱা যাব। তেওঁলোক হৈছে ক্ৰমে চুমকি কছাৰী আৰু সিদ্ধাৰ্থ শৰ্মা। আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছে সুব্ৰত কাকতি। সংগীত প্ৰযোজনা কৰিছে প্ৰণয় দত্তই।













