![]()
নিউজ ডেস্কঃ
পোহৰৰ উৎসৱৰ মাজতেই লখিমপুৰ জিলাৰ চিয়াজুলী অঞ্চলত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। দেৱী নামে এগৰাকী ৫ বছৰীয়া কণমানিয়ে সমনীয়াৰ সৈতে ভৈলী খেলিবলৈ যাওঁতে বন্তিৰ জুইৰে কাপোৰত জুই লাগে আৰু অগ্নিদগ্ধ হয়। গুৰুত্বৰ ভাৱে আহত কণমানি জনীৰ পিতৃ-মাতৃয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় কণমানি জনীক। কঁকালৰ তলৰ অংশ সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হোৱাৰ ফলত মৃত্যুক সাৱটিবলগীয়া হয় কণমানিজনীয়ে।
এই ঘটনা সংঘটিত হোৱাৰ পিছতেই জাতীয় বিদ্যালয় চিয়াজুলীত ছাত্ৰীগৰাকীৰ মৃত্যুত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকল আৰু চিয়াজুলী বাসী ৰাইজ শোকাহত হৈ পৰে।













