![]()
নিউজ ডেস্কঃ
শুকুৰবাৰে সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজ আৰু সৰ্বশিক্ষা তৃতীয়-চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাই সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক।প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সভাপতি ত্ৰৈলোক্য ডেকা আৰু সহকাৰী সাধাৰণ সম্পাদক জ্যোতিষ গগৈ নেতৃত্বত প্ৰতিনিধি দলে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী শৰ্মাক।সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত টেট্ উত্তীৰ্ণ শিক্ষক সকলৰ ২০১৯ চনৰ জুলাই মাহৰ পৰা পাব লগা বৰ্ধিত মৰগীয়া বানচৰ সন্দৰ্ভত অৱগত কৰে মুখ্যমন্ত্ৰীক।শিক্ষক সকলৰ আহ্বানৰ সঁহাৰি জনায় শিক্ষামন্ত্ৰী ৰনোজ পেগুক তাৎক্ষণি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে।
শিক্ষক সমাজৰ নেতৃত্বক মৰগীয়া বানচৰ বিষয়টো শীঘ্ৰে সৰ্বশিক্ষাৰ সৈতে বিশেষ সভাৰ আহ্বান কৰি বিষয়টো নিষ্পত্তি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে সৰ্বশিক্ষাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰো ভালে কেইটা দাবী শীঘ্ৰে পূৰণৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সভাপতি ত্ৰৈলোক্য ডেকাই মুখ্যমন্ত্ৰী সঁহাৰি ধন্যবাদ জনাই।













