![]()
নিউজ ডেস্কঃ
ৰাজ্যত পেট্ৰল-ডিজেলৰ মূল্যহ্ৰাস কৰা এদিনৰ পাছতে পুনৰ বাঢ়িল পেট্ৰল-ডিজেলৰ মূল্য।প্ৰতিলিটাৰ পেট্ৰল আৰু ডিজেলত ক্ৰমে ৩৪ পইচা ডিজেলত ২৪ পইচা বৃদ্ধি।শনিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰল মূল্য ৯৪.৯৭টকা বিপৰীতে ডিজেল মূল্য ৮১.৫৭টকা।
উল্লেখ্য যে দিপাৱলী প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে দুইয়োবিধ ইন্ধনত হ্ৰাস কৰিছিল আৱকাৰী শুল্ক।কেন্দ্ৰীয় চৰকাৰে কৰ হ্ৰাস কৰা ঘোষণা পাছতে অসম চৰকাৰেও ৰাজ্যিক ভেট হ্ৰাস কৰিছিল।সেই মৰ্মে কেন্দ্ৰ-ৰাজ্য মিলি ১২টকা পেট্ৰলত ১৭টকা ডিজেলত হ্ৰাস হৈছিল।













