![]()
নিউজ ডেস্কঃ
দেৱালী নিশা মহানগৰীত পুনৰ নৃশংস হত্যা।বেলতলাত বৃদ্ধা দম্পতীৰ হত্যা চাঞ্চল্যক মাৰ নাযাওঁতে এইবাৰ হত্যাকাণ্ডৰ সংঘটিত হয় গুৱাহাটী মালিগাঁও চাৰিআলিত।শুকুৰবাৰ অৰ্থাৎ দেৱালীৰ নিশা প্ৰায় ১১বজাত দুৰ্বৃত্তই মৰিয়াই হত্যা কৰে তৰুণ ডেকা নামৰ এগৰাকীৰ ব্যক্তিক।জালুকবাৰী আৰক্ষীৰ থানাৰ পৰা প্ৰায় ১০০-১৫০মিটাৰ ব্যৱধানত সংঘটিত হয় নৃশংস হত্যাকাণ্ডটো।
উল্লেখ্য যে মালিগাঁও চাৰিআলিৰ ভঁৰালী কম্প্লেক্সত পহৰাদা হিচাপে কৰ্মৰত তৰুণ ডেকাক নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই।প্ৰায় ৩৬ বছৰো অধিক কম্পেলক্সটোত কৰ্মৰত আছিল দুৰ্বৃত্ত আক্ৰমণত নিহত ডেকা।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শনিবাৰে পুৱা প্ৰায় ৮.৪০ বজাত ভৰালী কম্পেলক্সৰ ভূমি মহলাৰ কৰিডৰত মৃত অৱস্থাত উদ্ধাৰ হয় ডেকা মৃতদেহ।মৃতদেহ উদ্ধাৰ কৰি জি এম চি এইচলৈ মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে।
আনহাতে নিৰ্মম হত্যাকাণ্ডটো কিয় কোনে সংঘটিত কৰিলে বৰ্তমানলৈ পোহৰলৈ অহা নাই।হত্যাকাণ্ডটোৰ পৰিকল্পিত হত্যা কাণ্ড নহয় বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে।আৰক্ষী সূত্ৰত প্ৰকাশৰ মতে- কোনো কথা কটা-কটিত কাজিয়াৰ সূত্ৰপাত হৈ সংঘটিত হব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে হত্যাকাণ্ডৰ চিচিটিভি কেমেৰাত বন্দী হৈছে।কাঠৰ বাটাম জাতীয় টুকুৰাই দুৰ্বৃত্তই হত্যা কৰাৰ দৃশ্য বন্দী হৈছে কেমেৰাত।ঘটনাৰ তদন্তৰ আৰম্ভ কৰিছে আৰক্ষীয়ে। জালুকবাৰী আৰক্ষীয়ে ১২৯৯/২১ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ৩০২ধাৰা অধীনত তদন্ত অব্যাহত ৰাখিছে যদিও এই বাতৰি লিখা পৰলৈকে দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।
গুৰুত্বপূৰ্ণ কথা গুৱাহাটী মহানগৰী আৰক্ষীৰ থানা সমীপতে সংঘটিত হোৱা হত্যাকাণ্ড ঘটনাই পুন এবাৰ আৰক্ষীৰ ফোঁপোলা স্বৰূপটোকে উন্মোচন কৰিছে।













