![]()
মনোৰঞ্জনঃ
ৰোহিট ছেট্টীৰ পৰিচালনাৰে নিৰ্মিত অক্ষয় কুমাৰ আৰু কেটৰিণা কাইফ অভিনীত ছবি “সূৰ্য়বংশী” য়ে ছবিগৃহত টোকৰ মাৰিছে। মুক্তিৰ পিছতেই ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছে বহুল সমাদৰ। ছবিখনক লৈ দৰ্শকৰ যথেষ্ট উৎসাহো দেখিবলৈ পোৱা গৈছিল। দেশত ৪,০০০ তকৈও অধিক স্ক্ৰীণত এই ছবিখনক মুকলি কৰি দিয়া হৈছিল।
উল্লেখযোগ্য যে, “সূৰ্য়বংশী” ছবিখনে মুক্তিৰ প্ৰথমটো দিনত ২৬.২৯ কোটি টকাৰ বক্স অফিচ কালেকচন কৰিছে। আজি শনিবাৰ আৰু কাইলৈ ৰবিবাৰ হোৱা হেতুকে ছবিখনে আৰু অধিক দৰ্শকৰ কাষ চাপিব বুলি প্ৰকাশ কৰিছে সকলোৱে। বিগত বহু দিনৰ পৰা ৰোহিট ছেট্টীৰ এই ছবিখনৰ বাবে অপেক্ষা কৰি ৰৈছিল দৰ্শক সমাজ, কিয়নো ৰোহিট ছেট্টীৰ প্ৰতিখন ছবিৰ গ্ৰহণযোগ্য বিষয়বস্তুৰ লগতে থাকে উপভোগ্য একচন।













