![]()
ছাইদুল ইছলাম,
ডিফুঃ
সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ ষষ্ঠ অনুসূচী এলেকাভূক্ত কাৰবি আংলং আৰু ডিমা হাছাওৰ মাণ্ডলিক বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন দেউবাৰে ডিফুত অনুষ্ঠিত হৈ যায় ৷
ডিফু মিউনিচিপালটি বোৰ্ডৰ কৰ্মচাৰী সন্থাৰ উদ্যোগত ৰবনচন ক্ৰ’ৰ পৌৰোহিত্যত ডিফু মিউনিচিপীলটি বোৰ্ডৰ সভা কক্ষত অনুষ্ঠিত হোৱা সভাখনত মাণ্ডলিক সমিতিৰ লগতে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ বিষয়া সদস্যৰ লগতে কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী পৰ্যৱেক্ষকে অংশ গ্ৰহণ কৰে ৷
উক্ত সভাত পৰ্যৱেক্ষকৰ লগতে মাণ্ডলিক সমিতিৰ কেইবাগৰাকী বিষয়া, সদস্ই পৌৰ নিকায় কৰ্মচাৰী সকলৰ বিভিন্ন অভাৱ- অভিযোগবোৰৰ বিস্তৃতভাৱে আলোচনা কৰে ৷ দীৰ্ঘ আলোচনাৰ অন্তত সভাই দুটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি সেইবোৰ কেন্দ্ৰীয় সমিতিৰ জৰিয়তে চৰকাৰৰ দৃষ্টি গোছৰ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰস্তাৱ সমূহ ক্ৰমে, ষ্ষ্ঠ অনুসূচী এলেকাৰ পৌৰ নিকায় কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰী কৰণৰ যোগেদি নিয়মীয়াকৰণ কৰাৰ প্ৰস্তাৱ ৷
আৰু ডিমা হাছাও আৰু কাৰবি আংলঙৰ লগতে বিটিএডি মাণ্ডলিক সমিতিক একত্ৰিকৰণ কৰি জইণ্ট একছন কমিটি গঠন কৰা ৷ আজিৰ সভাই পুৰণি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ ডিমা হাচাও আৰু কাৰবি আংলং মাণ্ডলিক সমিতি ভংগ কৰি ডিফু মিউনিচিপালটি বোৰ্ডৰ জ্যেষ্ঠ অভিযন্তা নিপু চৰণ দত্তক উপদেষ্টা, সহকাৰী অভযন্তা প্ৰদীপ ৰংপিক সভাপতি, বোকাজান পৌৰ সভাৰ সহকাৰী অভিযন্তা গহীন শইকীয়াক সম্পাদক,বকলীয়াধাট পৌৰ সভাৰ মদন বে’ক কাৰ্যকৰী সভাপতি আৰু হাফলং পৌৰ সভাৰ উপসভাপতি কৃষ্ণ ছেত্ৰীক আৰু উমৰাংচ’ পৌৰ সভাৰ দীপক শৰ্মাক সহকাৰী সম্পাদক হিচাপৈ লৈ এখন শক্তিশালী সমিতি গঠন কৰি দিয়া ৷
অহা জানুৱাৰী মাহত শিৱসাগৰত ৭ৰ পৰা ৯ জানুৱাৰীলৈকে চলিবলগীয়া সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনত প্ৰতিখন মণ্ডলৰ কৰ্মচাৰী সকলৰ অভাৱ -অভিযোগবোৰ সেইখন অধিৱেশনত উত্থাপন কৰিবলৈ সচেষ্ট হৈ থাকিব বুলি পৰ্যৱেক্ষক পাৰ্থ প্ৰতীম চক্ৰৱৰ্তী আৰু ডিফু পৌৰ সভাৰ ৰবিনচন টেৰণ সংবাদ মাধ্যমৰ আগত গুৰুত্ব পূৰ্ণ মন্তব্য কৰে ৷
ৰবিনচন টেৰণে কয়যে কাৰবি আংসৃলং আৰু ডিমা হাছাওৰ পৌৰ কৰ্মী সকলে ৪৫ ৰ পৰা ৫৫ মাহলৈকে পোৱা নাছিল ৷ ভৈয়ামৰ পৌৰ নিকায় কৰ্মচাৰী সকলৰ দৰে ঘূৰ্ণীয়মান পূঁজীৰ জৰিয়তে পাহাৰৰ কৰ্মচাৰী সকলক দৰমহা দিয় নহয় ৷ সেয়ে অতি সোণকালে সমস্যা সমাধান কৰি এই সকল কৰ্মচাৰীৰ নি়ুযুক্তি চৰকাৰী কৰণ কৰিবলৈ দাবী জনায় ৷অভিযোগ কৰা অনুসৰি ডিফু আৰু গাফল৷
আজিৰ সভাত বিটিএডি পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ও কেন্দ্ৰীয় সমিতিৰ পৰ্যৱেক্ষক,চন্দ্ৰিকা শৰ্মা, বিটিএডি পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ উপ সভাপতি ধৰণী বৰ্মণ বদৰপুৰ পৌৰ সভাৰ ও কেন্দ্ৰীয় পৰ্যৱেক্ষক পাৰ্থ প্ৰতীম চক্ৰৱৰ্তী আৰু কাৰবি আংলং জিলা সমিতিৰ উপসভাপতি হাৰচিং তিমুঙ উপস্থিত থাকে ৷













