![]()
নিউজ ডেস্কঃ
চাপৰৰ কৃষ্ণকলি চাহ বাগিচাত ধৰ্ষণত দৰে এক ঘৃণনীয় কাণ্ড সংঘটিত হয়। শনিবাৰৰ সন্ধিয়া ৬ মান বজাত চাহ বাগিচাৰ ফেক্টৰীত এগৰাকী ৫০ উৰ্ধৰ লম্পদ লক্ষ্মণ পাইক ওৰফে নাগাৰাই ৫ বছৰীয়া এগৰাকী কন্যাক বিস্কুট খুওৱাৰ চলেৰে এখন বিদ্যালয়ৰ চৌহদত ধৰ্ষণৰ চেষ্টা চলায়।
কিন্তু কন্যা গৰাকীয়ে চিঞৰ বাখৰ কৰাত এন্ধাৰৰ সুযোগ লৈ অভিযুক্ত পলাই যায় আৰু স্থানীয় ৰাইজে চেষ্টা কৰিও আটক কৰিব নোৱাৰে। কিন্তু পিছদিনা পুৱা এঘৰত বহি সুৰা সেৱন কৰি থকা অৱস্থাত চাপৰ আৰক্ষীয়ে লম্পদটোক আটক কৰে। সম্প্ৰতি চাপৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
আনহাতে উক্ত ঘটনাটোক লৈ সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা (আছা) সভাপতি গোলাপ চিকবাৰাইকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি লম্পট লক্ষ্মন পাইক কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। লগতে, ভৱিষ্যতে যাতে পুনৰায় এনে ঘটনা সংঘটিত হব নোৱাৰে তাৰ বাৱে অসম চৰকাৰক এখন নতুন আইন প্ৰস্তুৰ দাৱি উত্থাপন কৰে।













