![]()
নিউজ ডেস্কঃ
প্ৰবাদ আছে, ৰাখে হৰি মাৰে কোনে। এই কথাই যেন পুনৰ প্ৰমাণিত হ’ল ইৰাকৰ প্রধানমন্ত্রী মুস্তাফা আল-কাদিমিৰ ক্ষেত্ৰত। দেওবাৰে পুৱাতেই তেওঁৰ বাসভৱনত বিস্ফোৰকভর্তি ড্রোন আক্ৰমণ চলোৱা হয়। এই ঘটনাত কথমপি প্রাণৰক্ষা পৰে আল-কাদিমিৰ। আহত হয় তেওঁৰ সাতজন নিৰাপত্তাৰক্ষী।
প্রধানমন্ত্রীক হত্যা কৰিবলৈয়েই যে এই ড্রোন আক্ৰমণ হৈছিল, তাত কোনো সন্দেহ নাই। কিন্তু কটকটীয়া নিৰাপত্তা বেষ্টনীত থকা বাগদাদৰ প্রধানমন্ত্রীৰ বাসভৱনত কেনেদৰে বিস্ফোৰকভৰ্তি ড্রোন সোমাব পাৰিলে, সেয়া এতিয়াও সাঁথৰ।













