![]()
নিউজ ডেস্কঃ
দেশৰ কেউখন ৰাজ্যৰে লাখ লাখ শিশু পুষ্টিহীনতাত ভোগাৰ এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে কেন্দ্রীয় নাৰী আৰু শিশু কল্যাণ মন্ত্ৰালয়ৰ ৰিপোর্টত। এক আৰটিআইৰ তথ্যত প্ৰকাশ পোৱা মতে, দেশৰ ৩৩ লাখ শিশু পুষ্টিহীনতাৰ চিকাৰ হৈছে। ইয়াৰে ভিতৰত অর্ধেকৰ অৱস্থা গুৰুতৰ। পুষ্টিহীনতাৰ শীর্ষত থকা তিনি ৰাজ্য হৈছে মহাৰাষ্ট্র, বিহাৰ আৰু গুজৰাট।
অক্টোবৰ মাহত কেন্দ্ৰই প্ৰকাশ কৰা এই তথ্য মতে, দেশৰ ১৭ লক্ষ ৭৬ হাজাৰ ৯০২ শিশু গুৰুতৰ পুষ্টিহীনতাৰ চিকাৰ। আনহাতে, ১৫ লক্ষ ৪৬ হাজাৰ ৪২০ জন শিশু কম-বেছি পৰিমাণে পুষ্টিহীনতাত ভুগিছে। ৰিপোর্ট অনুযায়ী, ৬ মাহৰ পৰা ৬ বছৰৰ ভিতৰৰ শিশুসকলৰ ভিতৰত বিগত এক বছৰত পুষ্টিহীন শিশুৰ সংখ্যা বাঢ়িছে ৯১ শতাংশ।
কেৱল মহাৰাষ্ট্রতেই পুষ্টিহীনতাৰ চিকাৰ হৈছে ৬.১৬ লাখ শিশু। বিহাৰত ৪.৭৫ লাখ আৰু গুজৰাটত ৩.২০ লাখ শিশু পুষ্টিহীনতাৰ চিকাৰ হৈছে। ইয়াৰ পিছত আছে অন্ধ্রপ্রদেশ (২.৬৭ লাখ) আৰু কর্ণাটক (২.৪৯ লাখ)।













